দুৰ্বিসহ ইৰাণৰ তৈলক্ষেত্ৰ, বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা...

এক দুৰ্বিসহ অৱস্থাত জীৱন যাপন কৰি আহিছে ইৰাণৰ লোক সকলে । চূড়ান্ত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰা ইৰাণৰ জন সাধাৰণৰ বাবে কৰ্কট ৰোগ যেন সাধাৰণ কথা ।

author-image
Asomiya Pratidin
New Update
দুৰ্বিসহ ইৰাণৰ তৈলক্ষেত্ৰ, বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা...

ডিজিটেল ডেস্ক : জুলীয়া সোণ বুলি গণ্য কৰা খাৰুৱা তেলৰ সৈতে অসমৰ সম্পৰ্ক বহু পুৰণি । ১৮৬৭ চনত ব্ৰিটিছ বিষয়াই ৰেল আলি স্থাপন কৰাৰ সময়ত খাৰুৱা তেলৰ সন্ধান লাভ কৰি শ্ৰমিক সকলক 'ডিগ বয় ডিগ' বুলি দিয়া নিৰ্দেশেই যেন পাছলৈ হৈছিল ডিগবৈ । ৪টা কৈ শোধানাগাৰ থকা অসমৰ ৰাইজ শোধানাগাৰৰ কাৰ্য ব্যৱস্থাৰ সৈতে ওতপ্ৰোত ভাৱে পৰিচিত । শোধানাগাৰৰ সৈতে জড়িত বিষয়া সকলৰ স্বাস্থ্যও কালক্ৰমত শোধানাগাৰ কৰ্তৃপক্ষৰ মূল দ্বায়িত্ব হৈ পৰিল ।

কিন্তু অনুৰূপ নহয় সকলো তৈলক্ষেত্ৰৰ কৰ্তৃপক্ষ । এক দুৰ্বিসহ অৱস্থাত জীৱন যাপন কৰি আহিছে ইৰাণৰ লোক সকলে । চূড়ান্ত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰা ইৰাণৰ জন সাধাৰণৰ বাবে কৰ্কট ৰোগ যেন সাধাৰণ কথা । দৃষ্টি নিক্ষেপ কৰিব পৰা দূৰলৈ ইৰাণৰ আকাশ চানি ধৰিছে ক'লা ধোঁৱাই ।

উল্লেখ্য যে, এই ক'লা ধোঁৱা আৰু প্ৰদূষণ নিৰ্গত হৈছে ইৰাণৰ তৈলক্ষেত্ৰ সমূহত চলা খনন কাৰ্যত নিষ্কাষণ হোৱা গেছ সমূহ দাহন কৰাৰ বাবে ।

২০১৯ চনৰ পৰাই প্ৰত্যক্ষ হোৱা এই ক'লা ধোঁৱা আৰু প্ৰদূষণে বৃদ্ধি কৰি আহিছে ইৰাণৰ কৰ্কট ৰোগীৰ সংখ্যা । এই গেছ দাহনে কেৱল সেউজ গৃহ গেছতেই প্ৰভাৱ নেপেলাই বৰং ই বেনজিন নামৰ আন এবিধ জৈৱ যৌগ নিৰ্গত কৰে যি কৰ্কট বিশেষকৈ শিশুসকলৰ মাজত লিউকেমিয়াৰ সম্ভাৱনা সকলোতকৈ বেছি কৰি তুলে ।

এই সন্দৰ্ভত ইৰাণৰ বাছ্ৰা জিলাৰ ৰুমালিয়াত বাস কৰা প্ৰত্যেকটো পৰিয়ালে আগবঢ়াইছিল একেই মন্তব্য ।

আনহাতে, আশ্চৰ্যজনকভাৱে এই ভূক্তভোগী সকলৰ কোনো তথ্য নাই, কৰা হোৱা নাই কোনো জৰীপ । আৰু এই জৰীপ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল ইৰাণ চৰকাৰে । বাছ্ৰাৰ এখন চৰকাৰী চিকিৎসালয়ে গোপনে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ্কট ৰোগীৰ চৰকাৰী সংখ্যাতকৈ প্ৰকৃত পৰিসংখ্যা প্ৰায় ৩ গুণতকৈও অধিক ।

এই সন্দৰ্ভত ৰুমালিয়াৰ একমাত্ৰ পৰিৱেশ বিজ্ঞানী অধ্যাপক শ্বুক্ৰি আল- হাছানে চলোৱা এক সম্পৰীক্ষাত ইৰাণৰ শিশু সকলৰ এটি দলৰ প্ৰস্বাৱৰ নমুনা সংগ্ৰহ কৰি গেছ দাহনৰ ফলত নিৰ্গত হোৱা ক্ষতিকাৰক যৌগৰ অৱস্থিতি পৰীক্ষা কৰিছিল । ইয়াৰে ৫২ গৰাকী শিশুৰ শৰীৰত ধৰা পৰিছিল মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি কৰিব পৰা বহু পদাৰ্থৰ অৱস্থিতি ।

আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বহু বেছি । কিন্তু এটা প্ৰজন্মৰ জীৱনতকৈ অধিক হ'ব পাৰে জানো ইয়াৰ মূল্য ?

iran crude oil