ডিজিটেল সংবাদ ঢাকাঃ প্ৰাক নিৰ্বাচনী হিংসাত জৰ্জিত বাংলাদেত শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাইছে সাতখন ৰাষ্ট্ৰৰ কূটনৈতিক মিচনে। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি সাত ৰাষ্ট্ৰৰ এই কুটনৈতিক মিচনে বাংলাদেশত হিংসাৰ পৰিৱৰ্তে মুক্ত আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সকলো ৰাজনৈতিক দলৰ লগতে ইয়াৰ অংশগ্ৰহণকাৰীসকলৰ প্ৰতি মুকলি আহ্বান জনাইছে।
৩০ অক্টোবৰ, সোমবাৰে ঢাকাস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ দূতাবাসৰ অফিচিয়েল ফেচবুক পেজত এই আহ্বানেৰে এক বিবৃতি জাৰি কৰা হৈছে। এই বিবৃতিত কোৱা হৈছে, ''অষ্ট্ৰেলিয়া, কানাডা, জাপান, ৰিপাব্লিক কোৰিয়া, নৰৱে, বৃটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰ ২৮ অক্টোবৰত ঢাকাত অনুষ্ঠিত ৰাজনৈতিক সমাবেশৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ বাবে গভীৰভাৱে চিন্তিত আৰু এই ঘটনাত নিহত, আহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।''
ইয়াৰোপৰি বিবৃতিত কোৱা হৈছে, ''আমি সকলো অংশীদাৰক সংযম অৱলম্বন কৰিবলৈ, হিংসা পৰিহাৰ কৰিবলৈ আৰু মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি কৰিবলৈ অংশগ্ৰহণকাৰীসকলক আহ্বান জনাইছো।''
ইয়াৰ পূৰ্বে ইউৰোপিয় ইউনিয়ন আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক হিংসা আৰু প্ৰাণহানিৰ ঘটনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল। বাংলাদেশৰ ইউৰোপিয় ইউনিয়নে ২৯ অক্টোবৰ দেওবাৰে সামাজিক মাধ্যম এক্সত লিখিছে, ''ঢাকাৰ ৰাজপথত প্ৰাণহানি আৰু হিংসা দেশি ইউৰোপিয় ইউনিয়ন আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ গভীৰভাৱে দুখিত''। ইয়াৰোপৰি লিখিছে, ''অংশগ্ৰহণমূলক আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে এক শান্তিৰপূৰ্ণ পথ বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ।''
আমেৰিকাই ঢাকাৰ এই ৰাজনৈতিক হিংসা পৰ্যবেক্ষণ কৰি ৰাষ্ট্ৰখনৰ বাবে ভিছা নিষেধাজ্ঞাৰ বাবেও পৰ্যালোচনা কৰিব বুলি উল্লেখ কৰিছে। উল্লেখ্য যে, ২৮ অক্টোবৰত ঢাকাৰ ৰাজপথত ৰাজনৈতিক দলসমূহৰ সমদলৰ সময়ত বি এন পিৰ কৰ্মী, আইন প্ৰৱৰ্তনকাৰী আৰু আৱামী লীগৰ কৰ্মীসকলে হিংসাত্মক সংঘৰ্ষত লিপ্ত হৈছিল। ফলত ঢাকাৰ ৰাজ পথৰ এটা অংশ যুদ্ধক্ষেত্ৰত পৰিণত হৈছিল। এই ঘটনাত এজন আৰক্ষী কনিষ্টবলসহ কমেও দুজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল।
ৰাষ্ট্ৰখনত ৰাজনৈতিক হৰতাল পুনৰ আৰম্ভ হোৱাত দেশখনৰ বিভিন্ন স্থানত বিক্ষিপ্ত হিংসা আৰু অস্থিৰতাৰ সৃষ্টি হৈছে। অগ্নিসংযোগ, আৰক্ষীৰ সৈতে সংঘৰ্ষ আদিৰ দৰে ঘটনাৰ খবৰ পোৱা গৈছে। এনে ঘটনাত ২৯ অক্টোবৰ, দেওবাৰে পুনৰ তিনিজন লোকৰ মৃত্যু হৈছে।
বিৰোধী দল বি এন পি আৰু বাংলাদেশ জামাত-ই-ইছলামীৰ দ্বাৰা বলবৎ কৰা হৰতালৰ সময়ত চৰকাৰী, বেচৰকাৰী কাৰ্যালয়সমূহৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰিছে। বেংকসমূহত অৰ্থনৈতিক লেনদেন হ্ৰাস পোৱাৰ বিপৰীতে বন্দৰসমূহৰ কাৰ্যকলাপ স্তব্ধ হৈ পৰিছে। ফলত দেশখনৰ অৰ্থনৈতিক দিশটোত প্ৰভাৱ পৰিছে। ইয়াৰোপৰি বি এন পিয়ে ৩১ অক্টোবৰৰ পৰা দেশজুৰি ৩ দিনৰ বাবে অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছে।
৩০ অক্টোবৰ, সোমবাৰে বিয়লি ঢাকাত নিয়োজিত কূটনীতিবিদ, ৰাষ্ট্ৰসংঘৰ সংস্থা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলক বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাংলাদেশ চৰকাৰে অৱগত কৰিছে।
বৈদেশিক মন্ত্ৰী ড০ এ কে আব্দুল মোমেনে বিয়লি ৪ বজাত ৰাজ্যিক অতিথিশালা যমুনাত কূটনীতিবিদসকলক এই বিষয়ে অৱগত কৰিছে৷ এই বৈঠকত কেবিনেটৰ জ্যেষ্ঠ সদস্য আৰু চৰকাৰৰ বিষয়াসকলো উপস্থিত থাকে।
Also Read: মাৰাঠাৰ সংৰক্ষণ আন্দোলনক লৈ বিৰূপ মন্তব্যঃ জ্বলাই দিলে এন চি পি বিধায়কৰ বাসগৃহ...