ডিজিটেল ডেস্কঃ প্ৰভাৱ কমিলেও এতিয়াও শেষ হোৱা নাই ৰাছিয়া-ইউক্ৰেইনৰ মাজত বিভিন্ন বিষয়ক লৈ চলা যুদ্ধৰ। শেহতীয়াকৈ ইউক্ৰেইনস্থিত আমেৰিকাৰ দূতাৱাসত আক্ৰমণৰ আগজাননী লাভ কৰাৰ পাছত এই প্ৰসংগই পুনৰ আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত সংবাদ শিৰোনাম দখল কৰিছে।
ভিন্ন আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ইউক্ৰেইনৰ ৰাজধানী কিয়ভত থকা আমেৰিকাৰ দূতাৱাসৰ কাৰ্যালয়ত বিমানেৰে আক্ৰমণ কৰাৰ আগজাননী লাভ কৰিছিল আমেৰিকাই। ইয়াৰ পিছতে ততকালীনভাৱে কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীক কাৰ্যালয়ত নিষেধৰ লগতে বন্ধ কৰি ৰখা হৈছে দূতাৱাসৰ কাৰ্যালয়টো।
আমেৰিকাৰ চোৰাংচোৱাই খবৰ লাভ কৰিছিল যে, ২০নৱেম্বৰত এই কাৰ্যালয়টোত বিমানেৰে আক্ৰমণ চলাব ৰাছিয়াই। ৰাছিয়াৰ এই আক্ৰমণৰ আঁৰত আছে এটা বিশেষ কাৰন। ৰাছিয়াক আক্ৰমণ কৰিব পৰাকৈ ইউক্ৰেইনক অত্যাধুনিক এ চি এ চি এম এছ ক্ষেপনাস্ত্ৰ যোগান ধৰিছে আমেৰিকাই। এই ক্ষোভতে ৰাছিয়াই আমেৰিকাৰ দূতাৱাসত আক্ৰমণ চলাব বুলি সন্দেহ কৰিছে চোৰাংচোৱাই।
এই বিষয়টোক লৈ শেহতীয়াকৈ ব্ৰাজিলত অনুষ্ঠিত জি-২০বৈঠকতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাছিয়াই। জি-২০ত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এনে কাৰ্যপন্থা গ্ৰহণ কৰি আমেৰিকাই পশ্চিমীয়া দেশসমূহত সংঘাত বৃদ্ধিৰ পৃষ্ঠপোষকতা কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছিল।