ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত এইবাৰ লক্ষ্য হ'ল আমেৰিকাৰ সাংবাদিক। দেওবাৰে ইউক্ৰেইনৰ উত্তৰ-পশ্চিম অঞ্চলৰ কিয়েভৰ সমীপৱৰ্তী অঞ্চলত এজন আমেৰিকান সাংবাদিকক গুলীয়াই হত্যা কৰাৰ খবৰ সদৰি কৰিছে সংবাদ প্ৰতিষ্ঠান এএফপিএ।
এই ঘটনাত আন এজন লোকো আহত হৈছে। উল্লেখ্য যে, মাৰ্কিন সাংবাদিক গৰাকীয়ে যুদ্ধৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল ইউক্ৰেইনলৈ। ৰাছিয়াৰ সেনাবাহিনীয়ে মাৰ্কিন সাংবাদিক গৰাকীক গুলীয়াই হত্যা কৰাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইউক্ৰেইনত হত্যা কৰা ৰাছিয়াৰ সাংবাদিক গৰাকী নিউয়ৰ্ক টাইমচৰ সংবাদদাতা আছিল।মৃত্যু হোৱা পূৰ্বে ৰাছিয়ান সেনাৰ গুলীত আহত হোৱা সাংবাদিক জনক চিকিৎসা কৰিছিল এজন ইউক্ৰেইনৰ চিকিৎসকে।
যি সময়ত ৰাছিয়-ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটিব বুলি সকলোৱে আশা কৰি আছে সেই সময়ত এনে খবৰে সমগ্ৰ বিশ্বতে উদ্বিগ্ন কৰি তুলিছে। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত মৰিশালী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে খাদ্য, আশ্ৰয় আন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে দেশবাসী। মৃত সাংবাদিক জনৰ ফটোও ৰাজহুৱা কৰিছে সংবাদ প্ৰতিষ্ঠানে। মৃত সাংবাদিক জনৰ নাম ব্ৰেন ৰেনাউট।