ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি জ' বিডেনে সোমবাৰে হোৱাইট হাউচৰ এক ভাষণত কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ড্ৰোন আক্ৰমণত অলকায়দাৰ নেতা আয়মান আল-জাৱাহিৰীক হত্যা কৰে। উল্লেখ্য যে, লাডেনৰ পাছতেই আমেৰিকাৰ লক্ষ্য আছিল জাৱাহিৰী। আফগানিস্তানৰ কাবুলত এক ড্ৰোনৰ আক্ৰমনত মৃত্যু হয় সন্ত্ৰাসবাদী গৰাকীৰ।
জাবাহিৰী এজন শল্য চিকিৎসক আছিল। তেওঁ পিছলৈ বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সকলৰ মাজৰ এজন হৈ পৰিছিল। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণৰ মূল সূত্ৰধাৰ হিচাপেও তেওঁক গণ্য কৰা হৈছিল। সেই সন্ত্ৰাসবাদী ঘটনাত প্ৰায় ৩,০০০ লোক নিহত হৈছিল।
জাৱাহিৰীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই ২৫ নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ২০১১ চনত পাকিস্তানত ওছামা বিন লাডেনৰ মৃত্য়ুৰ পাছত তেওঁ আল-কায়েদাৰ চোৱাচিতা কৰিছিল।