আমেৰিকাত ইউ পি ! ৱৰ্ল্ড পপোলেচন ৰিভিউৰ প্ৰতিবেদনৰ পাছতে চৰ্চা...

আমেৰিকাত ইউ পি ! ৱৰ্ল্ড পপোলেচন ৰিভিউৰ প্ৰতিবেদনৰ পাছতে চৰ্চা...

author-image
Asomiya Pratidin
New Update
আমেৰিকাত ইউ পি ! ৱৰ্ল্ড পপোলেচন ৰিভিউৰ প্ৰতিবেদনৰ পাছতে চৰ্চা...

আমেৰিকাত ইউ পি ! ৱৰ্ল্ড পপোলেচন ৰিভিউৰ প্ৰতিবেদনৰ পাছতে চৰ্চা...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ; ভাৰতৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে চৰ্চিত এখন ৰাজ্য। অৱতাৰী পুৰুষ শ্ৰীৰাম চন্দ্ৰৰ জন্মভূমি অযোধ্যা, বৃন্দাবন আদিৰ দৰে আধ্যাত্মিক পৰিবেশৰে বিৰাজমান এই উত্তৰ প্ৰদেশত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ চৰ্চা অত্যাধিক।

দেশৰ ৰাজনীতিতো এই ৰাজ্যখনৰ গুৰুত্ব অপৰিসীম। উত্তৰ প্ৰদেশে বিচাৰিলে দেশৰ চৰকাৰো সলনি হৈ পৰে। ভিন্ন ধৰ্মীয় লোকৰে পৰিপূৰ্ণ এই ৰাজ্যখনত আকৌ বিক্ষিপ্ত ঘটনাও সংঘটিত হয় এই ধৰ্মীয় পৰিচয়ৰ বাবেই। উত্তৰ প্ৰদেশেই ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য।

ভাৰতৰ দৰেই আমেৰিকাতো আছে এখন উত্তৰ প্ৰদেশ। অৱশ্যে যুক্তৰাষ্ট্ৰৰ এই ৰাজ্যখনৰ নাম উত্তৰ প্ৰদেশ নহয়। ৰাজ্যখনৰ জনগাঁথনিৰ বাবেহে এই ৰাজ্যখন আমেৰিকাৰ উত্তৰ প্ৰদেশ বুলি চৰ্চালৈ আহিছে।

ৱৰ্ল্ড পপোলেচন ৰিভিউৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ সকলোতকৈ অধিক জনবহুল ৰাজ্য হৈছে কেলিফৰ্নিয়া। ইয়াৰ জনসংখ্যা ৩ কোটি ৯৩ লাখৰো অধিক। এনে বৃহৎ জনসংখ্যাৰ বাবেই এই ৰাজ্যখনক আমেৰিকাৰ ইউ পি বুলি ক’বলৈ আৰম্ভ কৰিছে।

ভাৰতৰ মুঠ জনসংখ্যা ১৪০ কোটিতকৈ অধিক। ইয়াৰ ভিতৰত সৰ্বাধিক জনবহুল ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। ৰাজ্যখনৰ বৰ্তমানৰ মুঠ জনসংখ্যা ২৫ কোটিৰো অধিক।

অৱশ্যে কেলিফৰ্নিয়া সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য হ’লেও আমেৰিকাৰ সৰ্বাধিক জনবহুল চহৰ হিচাপে পৰিচিত নিউয়ৰ্ক। এই চহৰখনৰ জনসংখ্যা ৮২ লাখৰো অধিক।

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ অংগ ৰাজ্য হৈছে মুঠ ৫০ খন। এইসমূহৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য হৈ পৰিছে কেলিফৰ্নিয়া। আমেৰিকাৰ বৰ্তমান মুঠ জনসংখ্যা ৩৩ কোটি। এই জনসংখ্যাৰে আমেৰিকা বিশ্বৰ তৃতীয় বৃহৎ জনবহুল দেশ। দেশখনত ভাৰতীয় মূলৰ নাগৰিক আছে ৪৮ লাখৰো অধিক।

Also Read: কালীপূজাৰ অমাবস্যাৰ ৰাতি দুই ভাতৃ-ভগ্নীক দিলে নৰ বলি !

উত্তৰ প্ৰদেশ আমেৰিকা কেলিফৰ্নিয়া