নষ্ট কৰিবলৈ চেষ্টা কৰা হ'ল ভেন গঘৰ বিখ্যাত 'সুৰুজমুখী ফুল'ক...

author-image
Asomiya Pratidin
New Update
নষ্ট কৰিবলৈ চেষ্টা কৰা হ'ল ভেন গঘৰ বিখ্যাত 'সুৰুজমুখী ফুল'ক...

ডিজিটেল ডেস্ক : লণ্ডনৰ ৰাষ্ট্ৰীয় কলা বিথিকাত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । বিশ্ব বিখ্যাত চিত্ৰ শিল্পী ভেন গঘৰ শ্ৰেষ্ঠতম সৃষ্টি 'সুৰুজমুখী ফুল' শীৰ্ষক ছবি খনলৈ লক্ষ্য কৰি দলিওৱা হ'ল বিলাহীৰ চুপ । 'জাষ্ট ষ্টপ অইল' নামৰ এটি পৰিৱেশ সজাগতা সংস্থাৰ দুগৰাকী কৰ্মীয়ে সংঘটিত কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ । জৈৱ ইন্ধনৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰিবলৈ প্ৰতিবাদী দুগৰাকীয়ে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় কলা বিথিকাই ।

সমগ্ৰ ইউৰোপত জৈৱ ইন্ধনৰ নিষ্কাশনে কঢ়িয়াই অনা বিভিন্ন বিপদৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনে ধৰণে প্ৰতিবাদ কৰা বুলি মন্তব্য কৰে প্ৰতিবাদী দুগৰাকীয়ে ।

ইয়াৰ ওপৰিও, প্ৰতিবাদকাৰী দুগৰাকীয়ে জনতাক উদ্দেশ্যি প্ৰশ্ন কৰে যে, 'বৰ্তমান এটি জীৱনৰ মূল্য অধিক নে এখন ছবিৰ ? যি সময়ত লাখৰো অধিক পৰিয়ালে অনাহাৰে ৰজনী কটাব লগীয়া হৈছে তেনে সময়ত এখন ছবিৰ ওপৰত নিক্ষেপ কৰা বিলাহীৰ চুপক লৈ কিয় উদ্বিগ্ন বিশ্ব ?'

উল্লেখ্য যে, এই সুৰুজমুখী ফুলৰ ছবি খন ভেন গঘে ১৮৮৮-৮৯ চনত অংকন কৰা ৭খন সুৰুজমুখী ফুলৰ ছবিৰ অন্যতম । পৰৱৰ্তী সময়ত আন এজন চিত্ৰকৰ প'ল গ'গাক উপহাৰ স্বৰূপে দিছিল এই ছবি কেইখন ।

van gogh london