ভিক্টৰ এমব্ৰোছ আৰু গেৰী ৰুভকুনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল...

‘’মাইক্ৰ' আৰ এন এ’’ৰ আৱিষ্কাৰৰ বাবে নোবেল বঁটাৰে সন্মানিত হ'ব দুই চিকিৎসক

author-image
Asomiya Pratidin
New Update
ভিক্টৰ এমব্ৰোছ আৰু গেৰী ৰুভকুনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল...

ভিক্টৰ এমব্ৰোছ আৰু গেৰী ৰুভকুনলৈ চিকিৎসা বিজ্ঞানৰ নোবেল...

ডিজিটেল ডেস্কঃ ২০২৪ ৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ীৰ নাম আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। নোবেল এছেম্বলিয়ে আজি ঘোষণা কৰা অনুসৰি এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবোল বঁটা লাভ কৰিছে ভিক্টৰ এমব্ৰোছ আৰু গেৰী ৰুভকুনক।

নোবোল কমিটীৰ সচিব থমাছ পাৰলমেনে ষ্টকহোমৰ কাৰোলেন্সিকা ইনষ্টিটিউটত চিকিৎসা বিজ্ঞানৰ বঁটা ঘোষণা কৰাৰ সময়ত এই দুয়ো চিকিৎসাবিজ্ঞানীৰ ছবি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, এই দুয়ো চিকিৎসা বিজ্ঞানীক ‘’মাইক্ৰ' আৰ এন এ’’ৰ আৱিষ্কাৰ আৰু জিন অভিব্যক্তি নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে যুটীয়াভাৱে এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।  

উল্লেখ্য যে, মানৱ শৰীৰ সকলো কোষৰ জিন একে যদিও বিভিন্ন প্ৰকাৰৰ কোষ যেনে পেশী আৰু স্নায়ু কোষৰ কাম বেলেগ।এয়া জিন নিয়ন্ত্ৰণৰ বাবে সম্ভৱ, ই কোষ বোৰক ‘চুইছ অন’ কৰিবলৈ অনুমতি দিয়ে। ‘’মাইক্ৰ' আৰ এন এ’’ ৰ আৱিষ্কাৰৰ বাবে এতিয়া ইয়াৰ বাবে এক নতুন পদ্ধতি উন্মোচিত কৰিছে।

এই আৱিষ্কাৰ মানুহৰ লগতে অন্যান্য জীৱৰ বিকাশ আৰু তেওঁলোকে কিদৰে কাৰ্য সম্পাদন কৰে সেয়া বুজিবলৈ এই নতুন আৱিষ্কাৰে নতুন বাট মুকলি কৰিছে বুলি নোবেল কমিটীয়ো ঘোষণা কৰিছে।

উল্লেখ্য যে, মঙ্গলবাৰে বিয়লি ৩-১৫ বজাত পদাৰ্থ বিজ্ঞান, বুধবাৰে একে সময়তে ৰসায়ন বিজ্ঞান, বৃহস্পতিবাৰে সাহিত্য, শুকুৰবাৰে শান্তি আৰু শনিবাৰে অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা কৰা হ’ব।

Also Read: NEDFi কনভেনচন চেণ্টাৰত Borderlens.com ৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সামৰণি

নোবেল বঁটা চিকিৎসা বিজ্ঞানৰ নোবেল