ডিজিটেল ডেস্কঃ 'মণিপুৰত অব্যাহত থকা দুই গোষ্ঠীৰ সংঘাতক হিন্দু ভাৱমূৰ্তি কলুষিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। এই সংঘৰ্ষৰ প্ৰকৃত কাৰণ সম্পূৰূপে উপেক্ষা কৰা হৈছে।'- এই মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিশিষ্ট ভাৰতীয় বংশোদ্ভোৱ আমেৰিকান মহিলাৰ।
ৰাজশ্ৰী কেইশাম নামৰ মেইটেই সম্প্ৰদায়ৰ এই বিশিষ্ট মহিলাগৰাকীয়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, দুই গোটৰ মাজত চলি থকা সংঘাতক কেৱল ধৰ্মীয় সংঘৰ্ষ হিচাপে সৰলীকৰণ কৰাৰ প্ৰচেষ্টাৰ লগতে হিন্দু ভাৱমূৰ্তি কলুষিত কৰাৰ প্ৰচেষ্টাত সংঘৰ্ষৰ প্ৰকৃত কাৰণ সম্পূৰ্ণৰূপে উপেক্ষিত হৈছে। সোমবাৰে হিন্দুত্ব একশ্যন এণ্ড দ্যা নমস্তে শ্লোম নামৰ বহু বিশ্বাসী মিত্ৰজোঁটৰ দ্বাৰা আয়োজিত এক সভাত এইদৰে কয়।
তেওঁ কয়, মণিপুৰ কাণ্ডৰ আঁৰত হিংসা, অবিশ্বাস, সামাজিক-ৰাজনৈতিক উত্তেজনা, উগ্ৰবাদ, নিচাজাতীয় সামগ্ৰী আৰু অবৈধ অনুপ্ৰৱেশ আদিৰ দৰে মাৰাত্মক কাৰক লোকাই আছে। যি কাৰকে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ ভাবুকি সৃষ্টি কৰিছে।
মেইটেই সম্প্ৰদায়ৰ এই মহিলাগৰাকীয়ে পুনৰ কয়, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা মেইটেই প্ৰবাসীসকলে ভুল বাৰ্তা আৰু অপপ্ৰচাৰক প্ৰত্যাহ্বান জনোৱাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাইছে। এই অপপ্ৰচাৰৰ জৰিয়তে মেইটেইসকলক ৰাক্ষস হিচাপে চিহ্নীত কৰাৰ চেষ্টা কৰা হৈছে। কিয়নো আমাৰ বেছিভাগেই হিন্দু।
নিজৰ ভাষণত তেওঁ কয়, আমি আশা কৰোঁ যে হিন্দু ভীতিৰ সমাপ্তি ঘটিব। মণিপুৰত অবোধ হিংসাৰ সমাপ্তি ঘটিব। এই সমস্যা সমাধানৰ বাবে বাবে অপেক্ষা কৰি আছো। লগতে তেওঁ আশা কৰে শীঘ্ৰে মণিপুৰলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব। মণিপুৰ আকৌ পুনৰ নিৰ্মাণ হ’ব।
উল্লেখ্য প্ৰায় ছয় মাহৰো অধিক সময় ধৰি মণিপুৰৰ দুই গোষ্ঠী কুকি আৰু মেইটেইসকলৰ মাজত সংঘৰ্ষ অব্যাহত আছে। এই দুই গোষ্ঠীৰ হিংসাত প্ৰায় বিধ্বস্ত হৈ পৰিল ক্ষুদ্ৰ ৰাজ্যখন। হাজৰ হাজাৰ ভৱিষ্যতলৈ নামি আহিল অন্ধকাৰ। বহু লোকৰ প্ৰাণ নাশ হ'ল। এই পৰ্যন্ত ৰাজ্যখনত ৬০ হাজাৰৰো অধিক লোকৰ স্থানচ্যুত হৈছে। ৰাজ্যখনত স্থাপন কৰা হৈছে ৩৫০ ৰো অধিক বৃহৎ সাহায্য শিবিৰ।
ৰাজশ্ৰী কেইশাম নামৰ মেইটেই সম্প্ৰদায়ৰ ভাৰতীয়-আমেৰিকান মহিলাগৰাকীয়ে কয়, হিন্দু ভীতিৰ এক উৎকৃষ্ট উদাহৰণস্বৰূপে, মেইটেই আৰু কুকিসকলৰ মাজত জাতিগত সংঘৰ্ষক ধৰ্মীয় হিচাপে প্ৰক্ষেপ কৰা হৈছে। তেওঁৰ মতে বিশ্বৰ সন্মুখত মণিপুৰক হিন্দু সংখ্যাগৰিষ্ঠই খ্ৰীষ্টান সংখ্যালঘুৰ ওপৰত নিৰ্যাতন হিচাপে দাঙি ধৰাৰ চেষ্টা চলাইছে।
সেয়েহে তেওঁ এই অত্যাধিক সৰলীকৰণে কেৱল মণিপুৰৰ জটিল সামাজিক গাঁথনিক উপেক্ষা কৰাৰ লগতে উত্তেজনা বৃদ্ধি কৰা বুলি কয়। তেওঁ কয়, সংখ্যাগৰিষ্ঠ-সংখ্যালঘু বিতৰ্কটো সময়, স্থান আৰু প্ৰসংগৰ আন্তঃশাখাগত তাৎপৰ্যৰ ক্ষেত্ৰত পৰীক্ষা কৰিব লাগে। উদাহৰণ স্বৰূপে, খ্ৰীষ্টানসকল ভাৰতত সংখ্যালঘু, কিন্তু তেওঁলোক উত্তৰ-পূব অঞ্চলত সংখ্যাগৰিষ্ঠ।
উল্লেখ্য যে, মণিপুৰত ২০১১ ৰ লোকপিয়ল অনুসৰি হিন্দুৰ ধৰ্মীয় লোকৰ সংখ্যা ৪১.৩৯ শতাংশ। ইয়াৰ বিপৰীতে খ্ৰীষ্টানসকলৰ সংখ্যা ৪১.২৯ শতাংশ। দুই ধৰ্মীয় লোকৰ মাজত পাৰ্থক্য তেনেই নগণ্য।
মণিপুৰৰ হিন্দুসকলৰ ভিতৰত পাঞ্জাৱী, বিহাৰী, তামিল, নেপালী বহু জাতি অন্তৰ্ভুক্ত হৈ আছে। একেদৰে খ্ৰীষ্টানসকলৰ ভিতৰত আছে নাগা, কুকি, মেইটেইৰ বহু গোট। এই বৈচিত্ৰতা বিভাজনৰ উৎস নহয়। এয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মণিপুৰক চিহ্নীত কৰা সুসংগত সহৱস্থানৰ এক প্ৰমাণ বুলিও উল্লেখ কৰে মেইটেই মহিলাগৰীয়ে।
Also Read: মধ্যপ্ৰদেশত নীতিশ কুমাৰৰ দলে ঘোষণা কৰিলে প্ৰথম ৫ জনীয়া প্ৰাৰ্থী তালিকা..