ইটালীত মেলনীৰ সৈতে কি কথা পাতিলে মোডীয়?

ইটালীত মেলনীৰ সৈতে কি কথা পাতিলে মোডীয়?
ইটালীত মেলনীৰ সৈতে কি কথা পাতিলে মোডীয়?
Published on
Updated on

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ইটালী ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইটালীত অনুষ্ঠিত হোৱা জি-৭ ৰ বৈঠকত এইবাৰ ভাৰতক গেষ্ট হিচাপে আমন্ত্ৰণ কৰিছিল। সেই আমন্ত্ৰণ ৰক্ষা কৰিয়েই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইটালী ভ্ৰমণ কৰিছে।

এই ভ্ৰমণৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰী জাৰ্জিয়া মেলনীৰ সৈতে মোডীৰ এক দ্বিপাক্ষীক বৈঠকো অনুষ্ঠিত হয়। জানিব পৰা মতে এই বৈঠকত দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ মাজত আলোচনা হৈছে। ইয়াৰোপৰি দুয়োগৰাকী নেতাই ভাৰত আৰু ইটালীৰ মাজত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ বাবেও আলোচনা কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনা সন্দৰ্ভত কৈছে, "দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰে আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ বাবে আশাবাদী।"

এই বৈঠকতে প্ৰধানমন্ত্ৰী মোডীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীৰ অভিযানত ভাৰতীয় সেনাৰ অৱদানক প্ৰশংসা কৰাৰ বাবে ইটালী চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে ইটালীৰ মণ্টনত থকা যশৱন্ত ঘাডগে স্মাৰক উন্নীত কৰাৰ কথাও দোহাৰে। মোডীৰ এই ইটালী ভ্ৰমণৰ সময়ছোৱাত তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ সৈতেও বৈঠকত মিলিত হয়।

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰীক কাষত লৈ ইটালীৰ প্ৰধানমন্ত্ৰী মেলনীয়ে ইনষ্টাগ্ৰামত এটা সৰু ভিডিঅ' আপলোড কৰিছে। ভিডিঅ'টোত মেলনীয়ে তেওঁৰ অনুৰাগীসকলৰ উদ্দেশ্যি কেৱল কৈছে হেল্ল ফ্ৰম দ্যা Melodi টীম। এই ক্ষুদ্ৰ ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। ৪ ঘণ্টা আগতে আপলোড কৰা এই ভিডিঅ'টোৱে বাতৰি লিখা সময়লৈকে ইনষ্টাগ্ৰামত ১১ মিলিয়ন ভিউজ অতিক্ৰম কৰিছে।

উল্লেখ্য যে, ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বহু অনুৰাগী আছে ভাৰতত। তেওঁৰ প্ৰতিটো পোষ্টতে ভাৰতীয় অনুৰাগীসকলে ৰিয়েক্ট, কমেণ্টছ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাৰ্জিয়া মেলমীন এইসকলে মেলডী (Melodi) বুলি কয়। সেয়ে এই অনুৰাগীসকলৰ বাবেই মেলনীয়ে মোডীক কাষত লৈ বনালে এই ভিডিঅ'। ভিডিঅ'ত তেওঁ নিজেই এইবাৰ উল্লেখ কৰিলে Melodi বুলি।

ইটালীত মেলনীৰ সৈতে কি কথা পাতিলে মোডীয়?
উত্তৰ ছিকিমৰ মংগন জিলাত অব্যাহত প্ৰাকৃতিক বিপৰ্যয়ঃ ব্যাহত যোগাযোগ ব্যৱস্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in