মাৰ্কিন সংবাদকৰ্মীক হাৰাশাস্তি ! মোডী ভক্ত, আই টি চেলক গণতন্ত্ৰৰ পাঠ দিলে হোৱাইট হাউচে...

মাৰ্কিন সংবাদকৰ্মীক হাৰাশাস্তি ! মোডী ভক্ত, আই টি চেলক গণতন্ত্ৰৰ পাঠ দিলে হোৱাইট হাউচে...
মাৰ্কিন সংবাদকৰ্মীক হাৰাশাস্তি ! মোডী ভক্ত, আই টি চেলক গণতন্ত্ৰৰ পাঠ দিলে হোৱাইট হাউচে...
Published on
Updated on

ডিজিটেল ডেস্কঃ একাংশ মোডী ভক্তৰ অসহিষ্ণু আচৰণৰ বাবেই আমেৰিকাৰ পৰা নৰেন্দ্ৰ মোডীয়ে প্ৰত্যাৱৰ্তন কৰাৰ পাছতে হোৱাইট হাউচে সোঁৱৰাই দিবলৈ বাধ্য হ'ল গণতান্ত্ৰিক আচৰণৰ কথা। এচাম গেৰুৱা নেতাৰ অসিহিষ্ণু আচৰণৰ বাবেই যে সাংবাদিকৰ অধিকাৰ খৰ্ব হৈছে সেই কথা প্ৰমাণ হৈছে।

ভাৰতত সংবাদ মাধ্যমৰ ওপৰত ৰাজনৈতিক হেঁচাৰ প্ৰসংগ আলোচনা হৈ থকাৰ সময়তে এইবাৰ মাৰ্কিন সাংবাদিকক মানসিক হাৰাশাস্তি কৰি ভাৰতৰ গৰিমা ম্লান কৰিলে বিজেপিৰ আই টি চেলে। যাৰ বাবে মৌন হৈ নাথাকিল হোৱাইট হাউচ।

আমেৰিকা ভ্ৰমণ শেষ হোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে মুখামুখী হৈছিল সংবাদ মাধ্যমৰ সৈতে। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত আছিল তেওঁৰ এয়া প্ৰথমবাৰৰ বাবে সংবাদ মেলত সাংবাদিকৰে মুখামুখী।

এই সংবাদ মেলতে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছিল 'দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেল'ৰ সাংবাদিক ছাবৰিনা ছিদ্দিকিয়ে। তেওঁ সুযোগ বুজি মোডীক প্ৰশ্ন কৰিছিল- ভাৰতৰ মুছলিম আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰ ৰক্ষা আৰু বাক স্বাধীনতা ৰক্ষাৰ বাবে আপুনি আৰু আপোনাৰ চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে?

এই প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে সব কা সাথ, সব কা বিকাশৰ কথা কৈছিল যদিও বাৰে বাৰে পানী খাবলৈ বাধ্য হৈছিল। যিয়ে এই প্ৰশ্নই মোডীক বিব্ৰত কৰা বুলি চৰ্চা আৰম্ভ হৈছিল।

তাৰ পাছতে নেটিজেনসকলে মোডীক ট্ৰ’ল কৰাৰ বিপৰীতে মোডীৰ ভক্ত বাহিনীয়ে এই সাংবাদিকগৰাকীক মানসিক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে। সাংবাদিক ছাৰবিনাক সামাজিক মাধ্যমত আক্ৰমণৰ লক্ষ্য কৰি লৈছে মোডী ভক্তসকলে।

কেৱল সেয়াই নহয়, এইগৰাকী মাৰ্কিন সাংবাদিকৰ ধৰ্মীয় পৰিচয়লৈও নানান প্ৰশ্ন উত্থাপন হৈছে। বহুতেই তেওঁৰ পৰিয়ালৰ ইতিহাসক লৈও বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিছে।

এইগৰাকী মাৰ্কিন সাংবাদিকৰ প্ৰপিতামহ আছিল শিক্ষাবিদ ছাৰ ছৈয়দ আহমেদ খান। তেওঁলোক ভাৰতত জন্মগ্ৰহণ কৰিলেও পৰৱৰ্তী সময়ত পাকিস্তানলৈ যায়। সেয়ে ছাৰবিনাৰ প্ৰশ্নত ক্ষোভিত মোডীৰ অনুৰাগীসকল।

তেওঁৰ এই প্ৰশ্নক উদ্দেশ্যপ্ৰণোদিত আখ্যা দিছে বিজেপিৰ আই টি চেলৰ প্ৰধান অমিত মালব্যই। এনে পৰিস্থিতিত সোমবাৰে সাংবাদিকৰ মুখামুখী হয় মাৰ্কিন জাতীয় নিৰাপত্তা কাউন্সিলৰ অন্যতম শীৰ্ষ কৰ্তৃপক্ষ জন কিৰবি।

'দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেল'ৰ এজন সাংবাদিকে তেওঁক ছাৰবিনা ছিদ্দিকিৰ প্ৰসংগ উত্থাপন কৰি কয়, মোডীক প্ৰশ্ন কৰাৰ বাবে আমাৰ এগৰাকী সহকৰ্মীক যিধৰণে মানসিক হাৰাশাস্তি কৰা হৈছে সেই প্ৰসংগত হোৱাইট হাউচে কি ক’ব?

এই প্ৰশ্নৰ উত্তৰত জন কিৰবিয়ে কয়, সাংবাদিকক মানসিক হাৰাশাস্তি কৰাৰ খবৰ আমি লাভ কৰিছো। এয়া একেবাৰে গ্ৰহণযোগ্য নহয়। যিকোনো পৰিস্থিতিতেই সাংবাদিকক নিন্দা কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে হোৱাইট হাউচে। কাৰণ এই আচৰণ গণতন্ত্ৰ আদৰ্শৰ তীব্ৰ বিৰোধী।

এইদৰেই এতিয়া বিজেপিৰ আই টি চেল আৰু মোডী ভক্তই ভাৰতৰ সাংবাদিকৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰাৰ দৰেই মাৰ্কিন সংবাদকৰ্মীৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰি নিন্দাৰ সন্মুখীন হৈছে। তেওঁলোকক গণতান্ত্ৰিক আচৰণৰ পাঠ দিবলগীয়া হৈছে হোৱাইট হাউচে।

মাৰ্কিন সংবাদকৰ্মীক হাৰাশাস্তি ! মোডী ভক্ত, আই টি চেলক গণতন্ত্ৰৰ পাঠ দিলে হোৱাইট হাউচে...
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৈশ বাছলৈ শিল দলিয়ালে এজনেঃ বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in