সুখবৰ ! মাৰাত্মক এইচ আই ভিৰ পৰীক্ষামূলক চিকিৎসা হ'ল সফল

author-image
Asomiya Pratidin
New Update
সুখবৰ ! মাৰাত্মক এইচ আই ভিৰ পৰীক্ষামূলক চিকিৎসা হ'ল সফল

ডিজিটেল ডেস্ক : বিশ্বব্যাপী মাৰাত্মক ৰূপ লৈ উঠিছিল এইচ আই ভি অথবা এইডছে । সন্তৰ্পনে শৰীৰত প্ৰৱেশ কৰি ধ্বংস কৰি পেলাইছিল ৰোগীৰ ৰোগ প্ৰতিৰোধী ক্ষমতা । যাৰ ফলত অতি কম সময়ৰ ভিতৰতেই এইডছৰ বাবে জাৰী কৰিব লগীয়া হৈছিল জৰুৰীকালীন পৰিস্থিতি পৰ্যন্ত । সেই বিধ্বংসী এইডছৰ কোনো ধৰণৰ নিৰাময়ৰ ব্যৱস্থা আৱিষ্কাৰ কৰাতো অসফল হৈছিল বিশ্বৰ আগশাৰীৰ গৱেষক,চিকিৎসক সকল । কিন্তু তাৰ মাজতেই নিউ ইয়ৰ্কৰ এগৰাকী ৰোগীৰ কাহিনীয়ে আশাৰ সঞ্চাৰ কৰিছে চৌদিশে ।

নিউ ইয়ৰ্কৰ এইগৰাকী ৰোগী বৰ্তমান ষ্টেম থেৰাপীৰ জৰিয়তে বিগত ৩০ ট‍া মাহে এইডছ মুক্ত বুলি ঘোষণা কৰিছে গৱেষক সকলে । ২০১৭ চনত প্ৰথম বাৰৰ বাবে ষ্টেম কোষ ট্ৰেন্সফাৰৰ চিকিৎসা গ্ৰহণ কৰিছিল মহিলা গৰাকীয়ে । প্ৰায় ৩ টা বছৰ এই চিকিৎসা গ্ৰহণ কৰাৰ পাছত বিগত ২.৫ বছৰ এইডছ মুক্ত বুলি ঘোষণা কৰে নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ চেলুলাৰ থেৰাপী বিভাগৰ অধ্যক্ষ ডা০ জিংমেই চুৱে ।

এতিয়া এই মহিলা গৰাকীৰ এইডছৰ বিৰুদ্ধে যুঁজা যুঁজ খনৰ সফলতাৰ কাহিনী সকলোৰে বাবে এক নতুন আশা । আগন্তুক সময়ত অধিক গৱেষণাৰ জৰিয়তে যে এইডছৰ বিৰুদ্ধেও চিকিৎসক সকল সফল হৈ উঠিব সেইয়া যেন ধুৰূপ । সমগ্ৰ বিশ্বৰ বাবে ই এক যুগান্তকাৰী ফলাফল । যি হয়তো ভৱিষ্যতে সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰি দিব এইডছক ।

Also Read: এইবাৰ মোডী-আদানী একাকাৰ কৰি "মোদানী" নাম দিলে ৰাহুল গান্ধীয়ে

HIV