কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট যুৱতীয়ে জিনিলে বিশ্ব সুন্দৰীৰ খিতাপ

কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আই। বিজ্ঞান আৰু প্ৰযুক্তিৰ আধুনিক যুগত অভিনৱ আৱিস্কাৰ হৈছে এ আই
কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট যুৱতীয়ে জিনিলে বিশ্ব সুন্দৰীৰ খিতাপ
Published on
Updated on

ডিজিটেল ডেস্ক : কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আই। বিজ্ঞান আৰু প্ৰযুক্তিৰ আধুনিক যুগত অভিনৱ আৱিস্কাৰ হৈছে এ আই। সম্প্ৰতি এ আইৰ দ্বাৰা বিভিন্ন চিনেমা, গীত, ছবি আদিৰ কাম-কাজ কৰাৰ উপৰি সামাজিক মাধ্যমত শেহতীয়া প্ৰযুক্তিবিধে আধিপত্য বিস্তাৰ কৰিছে।

শেহতীয়াকৈ এ আই মাধ্যমেৰে ৰেম্পত খোজকাঢ়ি খিতাপ দখল কৰিবলৈ সক্ষম হোৱা এগৰাকী এ আই যুৱতীৰ কাহিনী জানিলে আপুনিও আচৰিত নহৈ নোৱাৰিব। সাইলাখ জীৱন্ত মানৱৰ দৰে অংগী-ভংগী, খোজ-কাটল সকলো দিশৰ পৰা এগৰাকী তেজ-মঙহৰে গঢ়া শৰীৰৰ দৰে এইগৰাকী এ আই সৃষ্ট যুৱতী।

এ আই প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি কৰা যুৱতীগৰাকীৰ নাম দিয়া হৈছে কেঞ্জা লাইলি। মৰক্কোৰ এই কেঞ্জা লাইলিয়ে এ আইৰ দ্বাৰা অনুষ্ঠিত কৰা সুন্দৰী প্ৰতিযোগিতাত বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এ আইৰ দ্বাৰা চিত্ৰ অংকিন কৰি কেঞ্জা লাইলিক সৃষ্টি কৰা হৈছিল। তেঁওক এ আই বিশ্ব সুন্দৰী প্ৰতিযোগিতাত অৱতীৰ্ণ কৰোৱাৰ উদ্দেশ্যেই সৃষ্টি কৰিছিল মেৰিয়ম বেচাই। ১৫০০ এ আই সৃষ্ট যুৱতীৰ মাজৰ পৰা কেঞ্জা লাইলিয়ে এ আই বিশ্ব সুন্দৰী প্ৰতিযোগিতাত শীৰ্ষ স্থান লাভ কৰি বিজয়ৰ মুকুট শিৰত ল’বলৈ সক্ষম হয়।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনত তেঁওৰ খোজ-কাটল, পিন্ধন উৰণ, সাজসজ্জা সকলো দিশে বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এ আই সৃষ্টি যুৱতী এগৰাকীয়েও কিদৰে জীৱন্ত মানৱৰ দৰে লয়লাস ভংগীমা দেখুৱাব পাৰে সেই দৃশ্য প্ৰত্যক্ষ কৰি সকলোৱে তবধ মানিছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত প্ৰতিযোগিতাখনত অৱতীৰ্ণ হোৱাৰ বাবে যোৱা এপ্ৰিল মাহতে ১৫০০ গৰাকী প্ৰতিযোগীয়ে নাম পঞ্জীয়ন কৰিছিল। ইয়াৰ মাজৰ পৰা ১০গৰাকী প্ৰতিযোগীকহে এ আই মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ বুলি বাচনি কৰা হৈছিল। জানি ভাল পাব যে এই ১০গৰাকী প্ৰতিযোগীৰ মাজত এগৰাকী ভাৰতীয় প্ৰতিযোগীও আছিল। তেঁওৰ নাম হৈছে জাৰা শ্বাটাৱৰী।

প্ৰতিযোগিতাৰ শেষত ঘোষিত ফলাফল অনুসৰি মৰক্কোৰ কেঞ্জা লাইলিয়ে বিজয়ী হোৱাৰ লগতে ফ্ৰান্সৰ লালিনাই দ্বিতীয় স্থান লাভ কৰে। একেদৰে তৃতীয় স্থানত আছে অলিভিয়া চি। প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত কেঞ্জা লাইলিক ২০ হাজাৰ ডলাৰ আৰ্থিক পুৰস্কাৰ দিয়া হয়।

কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট যুৱতীয়ে জিনিলে বিশ্ব সুন্দৰীৰ খিতাপ
ধেমাজিত বান : ৩৬ খন গাঁও এতিয়াও বানৰ কৱলত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in