ঘৰলৈ উভতি যোৱা, ৰুছ সেনাৰ মৃতদেহৰ দ’ম আমাৰ দেশত নিবিচাৰো- জেলেস্কীৰ সতৰ্কবাণী

ঘৰলৈ উভতি যোৱা, ৰুছ সেনাৰ মৃতদেহৰ দ’ম আমাৰ দেশত নিবিচাৰো- জেলেস্কীৰ সতৰ্কবাণী

author-image
asomiyapratidin
New Update
এয়া জানি বুজি কৰা হত্যা, আমি কেতিয়াও ক্ষমা নকৰো- ৰাছিয়াক সতৰ্কবাণী ইউক্ৰেইনৰ

ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত অহৰহ আক্ৰমণ কৰি গ'লেও হাৰ মনা নাই ইউক্ৰেইনে। ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোলোডিমৰ জেলেস্কীয়ে ৰাছিয়ান সেনাক উভতি যাবলৈ সতৰ্কবানী দিয়ে।

জেলেস্কীয়ে ৰাছিয়ান সেনা সকলক উদ্দেশ্য কৰি কয় যে যদি তেওঁলোকে জীয়াই থাকিব বিচাৰে তেন্তে ঘৰলৈ উভতি যাওক।তেওঁ কয় যে যুদ্ধৰ পাছত আমি পুনৰ ইউক্ৰেইনত নতুনকৈ গঢ়িম, আমাক কৰা ক্ষতিৰ মূল্য ৰাছিয়াই পৰিশোধ কৰিব লাগিব।

জেলেস্কীয়ে কয় যে "আমি প্ৰতিটো ঘৰ, প্ৰতিটো ৰাস্তা, প্ৰতিখন চহৰ পুনৰুদ্ধাৰ কৰিম। তেওঁ ৰাছিয়াৰ সামৰিক বাহিনীক সতৰ্ক কৰি দি কয় যে "আমি ইউক্ৰেইনত ৰাছিয়াৰ সৈনিকৰ মৃতদেহৰ দম নিবিচাৰো, সেইবাবে ঘৰলৈ উভতি যোৱা"।

উল্লেখ্য যে, ইউক্ৰেইনে দাবী কৰিছে যে এই যুদ্ধৰ ফলত ৰাছিয়াৰ যথেষ্ঠ ক্ষতি হৈছে আৰু প্ৰায় ৯০০০ ৰুচ সেনাই প্ৰাণ হেৰুৱাইছে।

russia ukraine zelensky war