দৈয়াং নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ৩.৫০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ

সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত আমগুৰি বচাপথাৰ অঞ্চলৰ দিৰ্ঘদিনীয়া এক সমস্যা আছিল দৈয়াং নদীৰ গৰাখহনীয়া ৷ অতি গুৰুত্বপূৰ্ণ বিষয়টো সমাধানৰ ক্ষেত্ৰত প্ৰাক্তন বিধায়ক ৰজলীনা তিৰ্কীয়ে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল ৷

author-image
Asomiya Pratidin
New Update
দৈয়াং নদীৰ গৰাখহনীয়া

ডিজিটেল সংবাদ সৰুপথাৰঃ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত আমগুৰি বচাপথাৰ অঞ্চলৰ দিৰ্ঘদিনীয়া এক সমস্যা আছিল দৈয়াং নদীৰ গৰাখহনীয়া ৷ অতি গুৰুত্বপূৰ্ণ বিষয়টো সমাধানৰ ক্ষেত্ৰত প্ৰাক্তন বিধায়ক ৰজলীনা তিৰ্কীয়ে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল ৷

বাৰিষা কালছোৱা শংকাত দিন কটোৱা বচাপথাৰবাসীৰ সুৰক্ষাৰ বাবে দৈয়াং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰচেষ্টাত জলসম্পদ বিভাগে ব্যবস্থা গ্রহণ কৰে। সোমবাৰে গোলাঘাট জলসম্পদ সংমণ্ডলে নাবাৰ্ডৰ আন্তঃগাঁথনি উন্নয়ন সহায়ক আচঁনিৰ জৰিয়তে ৩.৫০ কোটি টকা ব্যয় সাপেক্ষে গৰাখহনীয়া প্ৰতিৰোধ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰা হয়।

সোমবাৰে আমগুৰি বচাপথাৰ দৈয়াং নদীৰ পাৰত সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই আচঁনিৰ আধাৰশিলা স্থাপন কৰে। নাবাৰ্ডৰ আন্ত:গাঁথনি উন্নয়ন সহায়ক আঁচনিৰ জৰিয়তে গৰাখহনীয়া হৈ থকা দৈয়াং নদীৰ এটা অংশ জিঅ' বেগ আৰু এটা অংশ পাৰ্কুপাইনেৰে খহনীয়া ৰোধ কৰা হ'ব।

উল্লেখযোগ্য যে বছৰ বছৰ ধৰি গৰাখহনীয়াই সৰ্বস্বান্ত কৰা দৈয়াংপৰীয়া ৰাইজ এই আঁচনিৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে । আধাৰশিলা স্থাপন অনুষ্ঠানটোত বিজেপিৰ বৰপথাৰ মণ্ডলৰ সভাপতি অসীম দত্ত, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা, জলসম্পদ বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱা, সহকাৰী কাৰ্যবাহী অভিযন্তা অভয় কুমাৰ ডেকা, সহকাৰী অভিযন্তা দেৱজীত কোঁৱৰ, কণিষ্ঠ অভিযন্তা ৰণজিৎ বৰা  প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

দৈয়াং নদী গৰাখহনীয়া