কল্লোলৰ উদ্যোগত সাহিত্যাচাৰ্য মহিম বৰাৰ বক্তৃতা শৃংখলা অনুষ্ঠিত

কল্লোলৰ উদ্যোগত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি বছৰযোৰা বক্তৃতা শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি কল্লোল ভৱনত মহিম বৰাৰ উপন্যাস সন্দৰ্ভত চতুৰ্থলানি বক্তৃতা শৃংখলা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
কল্লোল

ডিজিটেল সংবাদ নগাঁও: নগাঁও তথা অসমৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ উদ্যোগত সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি চলিত বৰ্ষৰ ৬ জুলাইৰ পৰা বছৰযোৰা বক্তৃতা শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি কল্লোল ভৱনত মহিম বৰাৰ উপন্যাস সন্দৰ্ভত চতুৰ্থলানি বক্তৃতা শৃংখলা অনুষ্ঠিত হয়।

এই শৃংখলাত বক্তৃতা প্ৰদান কৰি বিশিষ্ট লেখক ,অধ্যাপক ড০ কমল শইকীয়াই মহিম বৰাৰ গল্প, কবিতা, উপন্যাসৰ বিভিন্ন দিশ সামৰি দিয়া বক্তৃতাত কয় যে, উপন্যাসিক হিচাপে মহিম বৰাৰ চৰ্চা কম হৈছে। মহিম বৰাৰ কাব্যৰ পৰশ তেওঁৰ চুটি গল্পত দেখা যায়।

তেওঁ লগতে কয় যে মহিম বৰাৰ উপন্যাসত স্বাধীনতাৰ সংক্ৰান্তি কালৰ কিছু ৰূপ দেখিবলৈ পোৱা যায়। চুটি গল্প লিখা মানুহজনে উপন্যাস লিখাটো এক ঐতিহাসিক প্ৰেক্ষাপট বুলি কব পাৰি।

মহিম বৰাৰ চাৰিখন উপন্যাস 'হেৰোৱা দিগন্তৰ মায়া', 'পুতলা ঘৰ','এধানি মাহীৰ হাঁহি' আৰু 'বন্দুলী ফুলৰ ৰঙৰ কথা' উল্লেখ কৰি ড০ শইকীয়াই কয় যে মহিম বৰাৰ উপন্যাসত সমকালীন সময়ৰ দিশসমূহ প্ৰতিফলিত হয়।

মহিম বৰাক বিৰিঞ্চি কুমাৰ বৰুৱাৰ যোগ্য উত্তৰাধিকাৰী হিচাপে চাব পাৰো বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানৰ আঁতধৰে গল্পকাৰ শিৱানন্দ কাকতিয়ে।

কল্লোলৰ সভাপতি লোহিত কলিতাৰ উপস্থিতিত অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক অৰূপ মান্না, অধ্যাপক ড০ মিলন নেওগ, শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা, সমাজকৰ্মী পুনিৰাম শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।

মহিম বৰা বক্তৃতানুষ্ঠান