নগাঁও জিলাৰ মাজপোটনী গঞা নামঘৰত ৰাসৰ আয়োজন

শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। এতিয়া শৰৎ কালৰ বতৰ। সমগ্ৰ ৰাজ্যতে চলিছে শ্ৰী শ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি।

author-image
Asomiya Pratidin
New Update
ৰাস

ডিজিটেল সংবাদ বঢ়মপুৰঃ শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। এতিয়া শৰৎ কালৰ বতৰ। সমগ্ৰ ৰাজ্যতে চলিছে শ্ৰী শ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি।

তাৰ সমান্তৰালকৈ নগাঁও জিলাৰ মাজপোটনী গঞা নামঘৰ প্ৰাংগনত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ১৮ আৰু ১৯ নৱেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ। এই উৎসৱৰ লগত সংগতি ৰাখি এমাহ যোৰা আখৰাৰ অন্তত আজি চূড়ান্ত আখৰা কৰিবলৈ অঞ্চলটোৰ প্ৰায় শতাধিক যুৱতী, বোৱাৰী আৰু কন- কন শিশুসকলে অংশগ্ৰহন কৰা দেখা যায় ।

এইবাৰ দ্বাদশ বৰ্ষত ভৰি দিয়া এই ৰাস মহোৎসৱৰ দুদিনীয়া কাৰ্য্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা সু-দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে।

ৰাস পূৰ্ণিমা ৰাস ৰাস মহোৎসৱ