- জয়দীপ নাৰায়ন দেব
সততেই আলোচিত এক বিষয় হ'ল কলমৰ শক্তি বেছি নে বন্দুকৰ । চিঞাহীৰ নে বাৰুদৰ । এই সন্দৰ্ভত বহুতেই দিছে বহু মন্তব্য । প্ৰখ্যাত চলচিত্ৰ পৰিচালক বাৰ্নাৰ্ডো বাৰ্টোলুচিৰ এক চিনেমা 'দা ড্ৰিমাৰ্ছ'ত আছে এটি বিখ্যাত সংলাপ - বুকছ নট গানছ্, কালছাৰ নট ভায়োলেঞ্চ' অৰ্থাৎ বন্দুকৰ পৰিৱৰ্তে কিতাপ, হিংসাৰ পৰিৱৰ্তে সংস্কৃতি । ইয়াৰ অৰ্থ হ'ল কিতাপ-কলমৰ শক্তি ফেছীবাদী, পূঁজিপতি সাম্ৰাজ্যত সদায়েই বেছি । কিন্তু ইয়াতেই শেষ নহ'ল আলোচনা । অৱশেষত সিদ্ধান্ত লোৱা হ'ল যিখন হাতে কলম অথবা বন্দুক তুলি ল'ব সেইখন হাতহে শক্তিশালী । অৰ্থাৎ বিবেক ।
সেই কথাকেই সময়ে সময়ে প্ৰতিপন্ন কৰি আহিছে সমাজে । শ্বেইকছপিয়েৰৰ সময়ৰ পৰাই বৰ্তমান কাললৈ এনে এক অপৰাধ সংঘটিত হোৱা নাই যি পূৰ্বতে উল্লেখ নাই । হিংসা, হত্যা, অপহৰণ, চুৰি, ডকাইতি, বলাৎকাৰ সকলো উল্লেখ কৰা হৈছে পূৰ্বতেই । তেনেস্থলত কি প্ৰয়োজন ইতিহাসবিদ, লিখক আৰু কবিৰ ?
কোৱা হয় যুদ্ধৰ সময়ত কেৱল কবি সকলকেই ক্ষমাদান কৰা হয় ভৱিষ্যতে যুদ্ধৰ ভয়াৱহতাৰ কথা ক'বলৈ । কিন্তু যেতিয়া কলম তুলি লোৱা হাতখনকেই হত্যা কৰা হয় তেতিয়া ? সময়ে সময়ে এই প্ৰতিবাদী কন্ঠ সমূহ ৰুদ্ধ কৰিবলৈ আপ্ৰাণ চেষ্টাত চলাই বিনাশী শক্তিয়ে কিন্তু কন্ঠ জানো ৰুদ্ধ হয় প্ৰতিবাদৰ ।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে সেই কথাই প্ৰতিপন্ন কৰিলে বিশ্ববিশ্ৰুত সাহিত্যিক চলমান ৰুশ্বডিয়ে । এটা চকু ঢকা এজোৰ চচমা পিন্ধি সাক্ষাৎকাৰ দিলে দা নিউ য়ৰ্কাৰ্ছ নামৰ এটি সংবাদ গোষ্ঠীক । মুকলি কৰিলে তেওঁৰ শেহতীয়া গ্ৰন্থ "ভিক্টৰী চিটি" ।
কিন্তু কিয় চৰ্চালৈ আহিল এই সাক্ষাৎকাৰটো ? সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি যাব লাগিব বিগত ২০২২ বৰ্ষৰ আগষ্ট মাহৰ ১২ তাৰিখলৈ । নিউ য়ৰ্কতেই এটি অনুষ্ঠানত বক্তৃতা দিবলৈ ওলোৱাৰ পূৰ্বে লেখক গৰাকীক কৰা হৈছিল ভয়াৱহ আক্ৰমণ । কেইবাবাৰো চুৰিকাঘাত কৰা হৈছিল সমগ্ৰ জনতাৰ সন্মুখতেই । প্ৰায় ছমাহ কালযোৰা চিকিৎসাৰ অন্তত সৌভাগ্যক্ৰমে প্ৰাণৰ পৰিৱৰ্তে কেৱল এটি চকু হেৰুৱাই উভতি আহিছে ৰুশ্বডি ।
এই আক্ৰমণৰ অন্তৰালত আছিল ৰুশ্বডিৰ ১৯৮৮ চনত ৰচিত এখনি গ্ৰন্থ । এই দীঘলীয়া সময়ৰ বাবে ক্ষোভ কোনোবাই পুহি ৰাখিব পাৰে বুলি হয়তো সপোনৰো অগোচৰ আছিল ৰুশ্বডিৰ । কিন্তু কিতাপৰ দৰে জানো হয় সমাজ ? ১৯৮৮ চনতেই ৰচিত গ্ৰন্থ 'দা চাতানিক ভাৰ্ছ'ৰ বাবে তেখেতৰ বিৰুদ্ধে জাৰি কৰা হৈছিল ফতোৱা । ৰুশ্বডিৰ শিৰৰ বিনিময়তনিৰ্ধাৰণ কৰা হৈছিল এক বুজন পৰিমাণৰ মূল্য । যি আতংকত তেখেতে দেশ এৰি পলায়ন কৰিব লগীয়া হৈছিল আমেৰিকালৈ । তাৰ পাছতহে কিছু সাধাৰণ হৈছিল লিখক গৰাকীৰ জীৱন শৈলী ।
অৱশ্যে সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাছিল আশংকা । নিউ য়ৰ্কতো লুকাই চুৰকৈ ফুৰিছিল প্ৰথমাৱস্থাত । কিন্তু এই আশংকা ফতোৱাতকৈ বেছি ভয়াৱহ বুলি অনুধাৱণ কৰিলে লিখক গৰাকীয়ে । তাৰ পাছতেই সকলো ভয়-শংকা পাহৰি জীৱন জীয়াবলৈ আৰম্ভ কৰিলে ৰুশ্বডিয়ে । এই ঘটনাৰ তিনি দশকৰো পাছত ৰুশ্বডিৰ ওপৰত হোৱা এই আক্ৰমণ আছিল সকলোৰে বাবেই আচৰিত । ইমান দিনলৈ কোনে পুহি ৰাখিব পাৰে ঘৃণা, হিংসা ?
কিন্তু কিয় আক্ৰমণৰ বলি হয় লিখক, কবি, সাংবাদিক অথবা চলচিত্ৰ নিৰ্মাতা ? এওঁলোকে সমাজত ঘটি থকা ঘটনা সমূহ আঙুলিয়াই দিয়াৰ বিপৰীতে সমাজত অস্থিৰতাৰ সৃষ্টি কৰিব পৰা শক্তি সমূহক কিন্তু সেই অনুপাতেই কৰা নহয় প্ৰশ্ন । এই সন্দৰ্ভত ভাৰতীয় চলচিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে শেহতীয়া এক সাক্ষাৎকাৰত দিয়া এক মন্তব্য অনুসৰি, কোনো চৰকাৰেই সুদীৰ্ঘ কালৰ বাবে তিষ্ঠি নাথাকিবলৈ ইতিহাস লিখা নহওক কোনো প্ৰকাৰেই ।
অৰ্থাৎ এখন সমাজৰ, এখন চৰকাৰৰ কাম-কাজ সমূহৰ কোনো তথ্য থকা উচিত নহয় কোনো কালেই যাতে চৰকাৰখনে কৰি অহা ভুল সমূহৰ ফলাফল অনুধাৱণ কৰিবলৈ সময় নাপায় । ইয়াৰ ফলত অত্যাচাৰী, চৈৰাস্বাৰী শাসন গোষ্ঠীয়ে নতুন ৰূপত অত্যাচাৰ চলোৱাৰ সুযোগো লাভ নকৰিব কোনো কালেই ।
শক্তিশালী হওক কেৱল জনতা, চৰকাৰ ভঙা-গঢ়াৰ শক্তি লাভ কৰক কেৱল জনতাই । কিন্তু এই সকলোৰে মাজতেই ৰুশ্বডি উভতি অহাৰ বাতৰি কিয় প্ৰয়োজনীয় ?
কিয়নো এই বাতৰি ফেচীবাদী সাম্ৰাজ্যৰ বাবে, এই বাতৰি ধৰ্মীয় গোড়ামীৰ নামত প্ৰতিবাদী কন্ঠ অৱৰুদ্ধ কৰিবলৈ বিচৰা সকলৰ বাবে । এই বাতৰি সেই সকলোৰে বাবে যি শক্তি প্ৰয়োগেৰে স্তব্ধ কৰিব বিচাৰে কলমৰ দৌৰ । কেৱল এটা চকু ঢাকি মঞ্চলৈ উঠি অহা চলমান ৰুশ্বডি স্ৱয়ং তেওঁলোকৰ উত্তৰ সকলো প্ৰশ্নৰ, সকলো উদ্বেগৰ ।